31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ দেহাৱসান

    অসমৰ প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ।...

    শেহতীয়া আপডেটঃ

    গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

    গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন মহিলাৰ দৰে গৰ্ভৱতী মহিলা এগৰাকীও যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰে। এনে ৰোগৰ ফলত গৰ্ভৱতী মহিলা আৰু শিশুটিৰ ওপৰত কেনেদৰে প্ৰভাৱ পৰিব পাৰে? গৰ্ভৱতী হওঁক বা নহওঁক সকলো মহিলাৰ ওপৰত যৌন সংক্ৰমণজনিত ৰোগে সমান প্ৰভাৱ পেলায়। এই ৰোগবোৰৰ ফলত জৰায়ু আৰু আন অংশত কেঞ্চাৰ, অবিৰতভাৱে হেপাটাইটিছ হোৱা, শ্ৰোণীৰ ৰোগ, অনুৰ্বৰতা আদিৰ লগতে নানা ধৰণৰ জটিল অৱস্থাৰ সৃষ্টি হ’ব পাৰে। মহিলাৰ ক্ষেত্ৰত এনে ধৰণৰ ৰোগৰ কোনো স্পষ্ট লক্ষণ বা উপসৰ্গই দেখা নিদিয়ে। এনে ৰোগৰ সংক্ৰমণ হোৱা গৰ্ভৱতী মহিলাৰ সময়ৰ আগতেই প্ৰসৱ বেদনা আৰম্ভ হোৱা, ভ্ৰুণৰ চাৰিওফালে থকা আৱৰণ অসময়ত ছিঙি যোৱা বা ফাটি যোৱা, প্ৰসৱৰ পাছত জৰায়ুত সংক্ৰমণ হোৱা আদিৰ দৰে জটিলতা হব পাৰে। যৌন সম্পৰ্কৰ দ্বাৰা সংক্ৰমিত ৰোগত আক্ৰান্ত মহিলাৰ প্ৰসৱৰ আগতে, প্ৰসৱৰ সময়ত বা শিশু জন্মৰ পাছত শিশুলৈ এই সংক্ৰমণ হব পাৰে। কিছুমান এনে ৰোগ(যেনে চিফিলিছ)ত জৰায়ুৰ ফুল পাৰ হৈ ভ্ৰুণক সংক্ৰমণ কৰে। আনবোৰ ৰোগ(যেনে, গনৰিয়া, ক্লামিডিয়া, হেপাটাইটিছ-বি আৰু যৌনাংগত হোৱা হাৰপিছ)এ প্ৰসৱৰ সময়ত মাকৰ গাৰ পৰা শিশুলৈ এই সংক্ৰমণ হয়। এইচ আই ভি এনে এটা ভাইৰাছ যিয়ে, ফুল ভেদ কৰি ভ্ৰুণক সংক্ৰামিত কৰাৰ উপৰিও মাকৰ গাখীৰৰ মাধ্যমেৰেও সংক্ৰমণ কৰিব পাৰে। এনে সংক্ৰামক ৰোগৰ অতি ভয়াংকৰ প্ৰভাৱ হ’ল-মৃত শিশুৰ জন্ম, অস্বাভাৱিক ভাৱে কম ওজনৰ শিশুৰ জন্ম, চকুৰ সংক্ৰমণ, নিউমোনিয়া, শিশুৰ তেজত সংক্ৰমণ, স্নায়ুৰ ক্ষতি(যেনে, মগজুৰ ক্ষতি, সমন্বয় বিহীন হাত ভৰিৰ লৰচৰ, অন্ধত্ব, বধিৰতা, হেপাটাইটিছ, মেনিনজাইটিছ, অবিৰত যকৃতৰ ৰোগ, চিৰচিছ)। গৰ্ভৱতী মহিলাসকলক যৌন সংক্ৰামক ৰোগৰ পৰীক্ষা কৰা উচিত নে? গৰ্ভধাৰণ কৰাৰ পাছত প্ৰথমবাৰ চিকিৎসকক দেখুৱাৰ সময়তেই মহিলাগৰাকীক যৌন সংক্ৰমিত ৰোগৰ পৰীক্ষাবোৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়। এইবোৰ হ’ল- • ক্লামোডিয়া। • গনৰিয়া। • হেপাটাইটিছ-বি। • হেপাটাইটিছ-চি। • এইচ আই ভি। • ছিফিলিছ। গৰ্ভাৱস্থাত যৌন সংক্ৰামক ৰোগৰ চিকিৎসা কৰাব পৰা যায় নে? গৰ্ভাৱস্থাত ক্লামোডিয়া, গনৰিয়া, ছিফিলিছ, ট্ৰাইক’মনাছ আৰু বেক্টেৰিয়েল ভাজাইন’ছিছৰ চিকিৎসা আৰু নিৰাময় এণ্টিবায়টিক ঔষধেৰে কৰিব পৰা যায়। যৌনাংগৰ হাৰপিছ, এইচ আই ভিৰ দৰে যৌন সংক্ৰমণৰ চিকিৎসা কৰা সম্ভৱ নহয়। অৱশ্যে সংক্ৰামক প্ৰতিৰোধৰ চিকিৎসা কৰি ইয়াৰ লক্ষণ আৰু উপসৰ্গবোৰ কমাব পৰা যায়। যিবোৰ মহিলাৰ প্ৰসৱৰ সময়ত যোনীত হাৰপিছৰ ঘাঁ থাকে-তেনে মহিলাক চিজাৰিয়ান কৰি প্ৰসৱ কৰোৱাব লাগে। এনে কৰিলে শিশুটিক সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়। কিছুমান এইচ আই ভি সংক্ৰমিত মহিলাৰ ক্ষেত্ৰতো অপাৰেছন কৰি প্ৰসৱ কৰোৱাব পৰা যায়। হেপাটাইটিছ-বি ৰ বিজাণু নাপালেও গৰ্ভাৱস্থাত এই ৰোগৰ প্ৰতিষেধক দিব লাগে। এনে সংক্ৰমণৰ পৰা মহিলাসকলে নিজকে কেনেদৰে ৰক্ষা কৰিব পাৰে? যিকোনো যৌন সংক্ৰমণ প্ৰতিৰোধৰ উচিত উপায় হ’ল-যৌন সম্পৰ্ক নকৰা অথবা যৌন সংক্ৰামক ৰোগ নথকা ব্যক্তি এগৰাকীক যৌন সংগী কৰি লোৱা। উৎস: আইএনডিজি দল।

    গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে?

    আন মহিলাৰ দৰে গৰ্ভৱতী মহিলা এগৰাকীও যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰে।

    এনে ৰোগৰ ফলত গৰ্ভৱতী মহিলা আৰু শিশুটিৰ ওপৰত কেনেদৰে প্ৰভাৱ পৰিব পাৰে?

    গৰ্ভৱতী হওঁক বা নহওঁক সকলো মহিলাৰ ওপৰত যৌন সংক্ৰমণজনিত ৰোগে সমান প্ৰভাৱ পেলায়। এই ৰোগবোৰৰ ফলত জৰায়ু আৰু আন অংশত কেঞ্চাৰ, অবিৰতভাৱে হেপাটাইটিছ হোৱা, শ্ৰোণীৰ ৰোগ, অনুৰ্বৰতা আদিৰ লগতে নানা ধৰণৰ জটিল অৱস্থাৰ সৃষ্টি হ’ব পাৰে। মহিলাৰ ক্ষেত্ৰত এনে ধৰণৰ ৰোগৰ কোনো স্পষ্ট লক্ষণ বা উপসৰ্গই দেখা নিদিয়ে। এনে ৰোগৰ সংক্ৰমণ হোৱা গৰ্ভৱতী মহিলাৰ সময়ৰ আগতেই প্ৰসৱ বেদনা আৰম্ভ হোৱা, ভ্ৰুণৰ চাৰিওফালে থকা আৱৰণ অসময়ত ছিঙি যোৱা বা ফাটি যোৱা, প্ৰসৱৰ পাছত জৰায়ুত সংক্ৰমণ হোৱা আদিৰ দৰে জটিলতা হব পাৰে। যৌন সম্পৰ্কৰ দ্বাৰা সংক্ৰমিত ৰোগত আক্ৰান্ত মহিলাৰ প্ৰসৱৰ আগতে, প্ৰসৱৰ সময়ত বা শিশু জন্মৰ পাছত শিশুলৈ এই সংক্ৰমণ হব পাৰে। কিছুমান এনে ৰোগ(যেনে চিফিলিছ)ত জৰায়ুৰ ফুল পাৰ হৈ ভ্ৰুণক সংক্ৰমণ কৰে। আনবোৰ ৰোগ(যেনে, গনৰিয়া, ক্লামিডিয়া, হেপাটাইটিছ-বি আৰু যৌনাংগত হোৱা হাৰপিছ)এ প্ৰসৱৰ সময়ত মাকৰ গাৰ পৰা শিশুলৈ এই সংক্ৰমণ হয়। এইচ আই ভি এনে এটা ভাইৰাছ যিয়ে, ফুল ভেদ কৰি ভ্ৰুণক সংক্ৰামিত কৰাৰ উপৰিও মাকৰ গাখীৰৰ মাধ্যমেৰেও সংক্ৰমণ কৰিব পাৰে। এনে সংক্ৰামক ৰোগৰ অতি ভয়াংকৰ প্ৰভাৱ হ’ল-মৃত শিশুৰ জন্ম, অস্বাভাৱিক ভাৱে কম ওজনৰ শিশুৰ জন্ম, চকুৰ সংক্ৰমণ, নিউমোনিয়া, শিশুৰ তেজত সংক্ৰমণ, স্নায়ুৰ ক্ষতি(যেনে, মগজুৰ ক্ষতি, সমন্বয় বিহীন হাত ভৰিৰ লৰচৰ, অন্ধত্ব, বধিৰতা, হেপাটাইটিছ, মেনিনজাইটিছ, অবিৰত যকৃতৰ ৰোগ, চিৰচিছ)।

    গৰ্ভৱতী মহিলাসকলক যৌন সংক্ৰামক ৰোগৰ পৰীক্ষা কৰা উচিত নে?

    গৰ্ভধাৰণ কৰাৰ পাছত প্ৰথমবাৰ চিকিৎসকক দেখুৱাৰ সময়তেই মহিলাগৰাকীক যৌন সংক্ৰমিত ৰোগৰ পৰীক্ষাবোৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়। এইবোৰ হ’ল-

    • ক্লামোডিয়া।

    • গনৰিয়া।

    • হেপাটাইটিছ-বি।

    • হেপাটাইটিছ-চি।

    • এইচ আই ভি।

    • ছিফিলিছ।

    গৰ্ভাৱস্থাত যৌন সংক্ৰামক ৰোগৰ চিকিৎসা কৰাব পৰা যায় নে?

    গৰ্ভাৱস্থাত ক্লামোডিয়া, গনৰিয়া, ছিফিলিছ, ট্ৰাইক’মনাছ আৰু বেক্টেৰিয়েল ভাজাইন’ছিছৰ চিকিৎসা আৰু নিৰাময় এণ্টিবায়টিক ঔষধেৰে কৰিব পৰা যায়। যৌনাংগৰ হাৰপিছ, এইচ আই ভিৰ দৰে যৌন সংক্ৰমণৰ চিকিৎসা কৰা সম্ভৱ নহয়। অৱশ্যে সংক্ৰামক প্ৰতিৰোধৰ চিকিৎসা কৰি ইয়াৰ লক্ষণ আৰু উপসৰ্গবোৰ কমাব পৰা যায়। যিবোৰ মহিলাৰ প্ৰসৱৰ সময়ত যোনীত হাৰপিছৰ ঘাঁ থাকে-তেনে মহিলাক চিজাৰিয়ান কৰি প্ৰসৱ কৰোৱাব লাগে। এনে কৰিলে শিশুটিক সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়। কিছুমান এইচ আই ভি সংক্ৰমিত মহিলাৰ ক্ষেত্ৰতো অপাৰেছন কৰি প্ৰসৱ কৰোৱাব পৰা যায়। হেপাটাইটিছ-বি ৰ বিজাণু নাপালেও গৰ্ভাৱস্থাত এই ৰোগৰ প্ৰতিষেধক দিব লাগে।

    এনে সংক্ৰমণৰ পৰা মহিলাসকলে নিজকে কেনেদৰে ৰক্ষা কৰিব পাৰে?

    যিকোনো যৌন সংক্ৰমণ প্ৰতিৰোধৰ উচিত উপায় হ’ল-যৌন সম্পৰ্ক নকৰা অথবা যৌন সংক্ৰামক ৰোগ নথকা ব্যক্তি এগৰাকীক যৌন সংগী কৰি লোৱা।

    উৎস: আইএনডিজি দল।

    Source:vikaspedia
    Via By: AsomKhobor
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.