31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    গ্ৰাহকক স্বাস্থ্য বিধি উলংঘা কৰি মাছ-মাংস বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান

    গুৱাহাটীঃ গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি মহানগৰীত কদৰ্য্য পৰিবেশত গ্ৰাহকক মাছ-মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগে নিগমৰ এনফৰ্চমেণ্ট বিভাগ, গুৱাহাটী মহানগৰ আৰক্ষী, কামৰূপ মহানগৰ জিলা পশুপালন বিভাগ, খাদ্য সুৰক্ষা বিভাগৰ সহযোগত আজি বৃহত্তৰ বেলতলা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে জয়ানগৰ, ত্ৰিপুৰা ৰোড, পাটৰকুছি, বশিষ্ঠ আৰু খানাপাৰা অঞ্চলত এক অভিযান চলায়।

    অভিযানকালত নিগমৰ দলটোৱে মুঠ ৩৫ খন মাছ-মাংস বিক্ৰী কৰা দোকান পৰীক্ষা কৰি যিসকল বিক্ৰেতাই নীতি-নিয়ম উলংঘা কৰি গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত বিক্ৰী কৰিছিল তেঁওলোকৰ পৰা জৰিমণা হিচাপে ২১ হাজাৰ ৫০০ টকা সংগ্ৰহ কৰাৰ লগতে আগন্তক দিনত নীতি মানি চলি গ্ৰাহকক মাছ-মাংস বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়ে।

    এই সন্দৰ্ভত নিগমৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়াই সদৰি কৰা অনুসৰি পৌৰ নিগম এলেকাত জনস্বাস্থ্যৰ দিশটোক ভেঙুচালি কৰি মাছ, মাংসৰ উপৰিও আন আন খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে তেওঁলোকৰ বিৰূদ্ধে নিগমৰ এই অভিযান চলি থাকিব। উল্লেখ্য যে বিগত সময়চোৱাত পৌৰ নিগমে খাদ্যৰ অনুপযোগী মাছ, মাংসকে ধৰি খাদ্য বিক্ৰী কৰাৰ অভিযোগত কেবাখনো হোটেল, ৰেস্তোৰাঁ ছিল কৰি দিছিল।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.