Friday, May 16, 2025
25.1 C
Guwahati

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তবৰ্তী কুকুৰকাটাৰ টিকলিপাৰাবাসীৰ দুৰ্ভোগঃপৰিবৰ্তনৰ বতাহে আজিও স্পৰ্শ নকৰিলে বৃহত্তৰ অঞ্চলটোত

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ বিকাশ আৰু উন্নয়নে স্পৰ্শ নকৰা গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী এটি বৃহৎ অঞ্চল কুকুৰকাটাৰ টিকলিপাৰা৷ আচৰিত কথা এয়ে যে এই অঞ্চলৰ একমাত্ৰ পথটো খৰালি সময়তো থাকে পানীৰ তলত৷ বৃহত্তৰ অঞ্চলটোৰ এই পথটোৰে প্ৰায় দহ খন গাৱঁৰ ৰাইজে  নিতৌৌ আহ যাহ কৰে৷ খৰালি কালতো একাঠু পানীৰ তলত থকা পথটো বাৰিষাত হয় অতি ভয়ংকৰ৷ কিয়নো বাৰিষা এবুকু-এককাল পানী অতিক্ৰম কৰি ওলাই আহিব লাগে অঞ্চলবাসী৷ বিকল্প কোনো পথ নথকাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলোৱে এই পথৰে যাতায়াত কৰে শিক্ষাগ্ৰহণৰ বাবে৷ গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত টিকিলি পাৰা,গাৰোমাৰা,সৰগপাৰা আদিকে ধৰি এই অঞ্চলৰ গাওঁ কেইখনত  স্বাধীনতাৰ ৭৪ বছৰে কোনো এখন চৰকাৰৰ সুদৃষ্টি নপৰিল৷ বহু চৰকাৰ আহিল আৰু গ’ল৷ নিৰ্বাচনৰ সময়ত সকলোৱে এসোপামান প্ৰতিশ্ৰুতি দি যায় যদিও সময়ত সকলো অসাৰ প্ৰতিপন্ন হয়৷ শেহতীয়াকৈ সমষ্টিটোৰ কংগ্ৰেছী বিধায়ক গৰাকীয়ে বিগত নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোলৈ আহিছিল যদিও তেতিয়াা দিয়া প্ৰতিশ্ৰুতি বোৰ তেনেকৈয়ে ৰ’ল ৷ পাঁঁচটা বছৰত এদিনৰ বাবেও পদধূলা নপৰিল কংগ্ৰেছী বিধায়ক এ কে ৰশিদ আলমৰ৷ যাৰ ফলত আজিও এনেকৈ দুৰ্বিসহ জীৱন পাৰ কৰিবলগীয়া হৈছে সীমান্তবাসী ৰাইজ৷ বিকাশ তথা পৰিবৰ্তনৰ বতাহজাকে কেতিয়াকৈ চুবলৈ পাব সীমান্তবাসীক ৷ এতিয়া সৰ্বত্ৰে চলিছে তাৰেই চৰ্চা ৷

- Advertisement -

Hot this week

অসমৰ ভাষা-সাহিত্যৰ মহীৰূহক গভীৰ শ্ৰদ্ধাৰে স্মৰণ

তীক্ষ্ণ বুদ্ধিদ্দীপ্ত চিন্তা, সৃষ্টি আৰু প্ৰতিভাৰে হোমেন বৰগোহাঞিদেৱে অসমৰ...

The Minimalism Movement Explained in Great Detail by Healh Experts

Find people with high expectations and a low tolerance...

The Art of Mindfulness and Health: New Meaning and Happiness in Life

Find people with high expectations and a low tolerance...

Fashion Finder: Biggest Shows, Parties and Celebrity for New Years

Find people with high expectations and a low tolerance...

Now Is the Time to Think About Your Small-Business Success

Find people with high expectations and a low tolerance...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds