31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভঃ আজাৰাত ভাৰতীয় ৰিজার্ভ বেংকৰ উদ্যোগত কুইজ প্ৰতিযোগিতা সম্পন্ন

    আজাৰাঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) দেশজুৰি চলিত বর্ষত প্ৰতিষ্ঠা হোৱাৰ ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে। এই উপলক্ষে সমগ্ৰ বছৰজুৰি অনুষ্ঠিত হৈ থকা ধাৰাবাহিক অনুষ্ঠানৰ অংশ হিচাপে আৰ বি আয়ে স্নাতক মহলা পর্যন্ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি দেশজুৰি সাধাৰণ জ্ঞানভিত্তিক কুইজ প্রতিযোগিতা ‘আৰ বি আই ৯০ কুইজ’ আৰম্ভ কৰিছে। ‘আৰ বি আই ৯০ কুইজ’ হৈছে একাধিক পর্যায়ত অনুষ্ঠিত দলভিত্তিক প্রতিযোগিতা। চলিত বৰ্ষৰ ১৯-২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল অনলাইন পর্যায়।

    অনলাইন পর্যায়ত হোৱা প্ৰদৰ্শনৰ ভিত্তিত ৰাজ্যিক পৰ্যায়ৰ ৰাউণ্ডত অংশগ্ৰহণৰ বাবে কলেজৰ দলসমূহ নিৰ্বাচিত কৰা হৈছিল। অসমৰ বাবে ১৩ নৱেম্বৰত মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ গণকপাৰাস্থিত হোটেল কিৰণশ্ৰী গ্রেণ্ডত ‘আৰ বি আই ৯০ কুইজ’ ৰ ৰাজ্যিক পৰ্যায়ৰ ৰাউণ্ড অনুষ্ঠিত হয় য’ত ৯০টা দলক প্রতিনিধিত্ব কৰি ১৮০ গৰাকী ছাত্র-ছাত্রীয়ে প্রতিযোগিতাত অংশগ্ৰহণ কৰে। কুইজত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সায়ন মজুমদাৰ আৰু বিশ্বায়ন মজুমদাৰৰ দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি ২ লাখ টকা, এন আই টি, শিলচৰৰ কিশান মিত্তাল আৰু আয়ুস মৌৰ্যৰ দলে প্ৰথম ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰি ১.৫ লাখ টকা আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৰিজিত বশিষ্ঠ আৰু দিশা বৈশ্যৰ দলে দ্বিতীয় ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰি ১ লাখ টকা লাভ কৰে। বিজয়ী দলে এতিয়া ২৯ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মণ্ডল ৰাউণ্ডত প্রতিদ্বন্দ্বিতা কৰিব। তাত বিজয়ী হোৱা দলটোৱে অহা ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় ফাইনেলত ভাগ লোৱাৰ সুযোগ লাভ কৰিব। আনহাতে অনুষ্ঠানত আৰ বি আইৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকি বিজয়ী সকলক পুৰস্কাৰৰ ধনৰ চেক আৰু মানপত্ৰসহ বঁটা বিতৰণ কৰে।

    1st Prize-
    Gauhati Medical College and Hospital
    1.Sayan Mazumdar
    2.Bishwayan Bhattacharjee

    2nd Prize
    NIT Silchar
    1. Kishan Mittal
    2. Ayush Maurya

    3rd Prize
    Assam Engineering College
    1. Arijit Basishtha
    2. Disha Baishya

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.