গুৱাহাটী চহৰত অ’লা, উবেৰ সেৱাত আঘাত; চালকসকলে নতুন সংগঠনত যোগদান কৰাৰ সিদ্ধান্ত

■ ডিজিটেল ডেস্ক: ব্যস্ত মহানগৰীত চলি থকা অ’লা আৰু উবেৰৰ সেৱাক হঠাতে আঘাত কৰি চহৰখনৰ দুটা সংগঠনৰ চালকসকলে ‘সদৌ আসাম কেব মজদুৰ সংঘ’ আৰু ‘সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন’ৰ বেনাৰত অ’লা আৰু লগতে উবেৰ কেব সেৱা বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে।

দেওবাৰে গুৱাহাটীৰ দিচপুৰ প্ৰেছ ক্লাবত সংবাদ মাধ্যমক সম্বোধন কৰি ‘সদৌ অসম কেব মজদুৰ সংঘ’ আৰু ‘সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন’ৰ ধ্ৰুৱ ৰাজ অসমে সম্বোধন কৰি কয় যে, তেওঁলোকৰ সদস্যসকলে এতিয়া নতুনকৈ গঠিত কেব সেৱা প্ৰদান প্ৰতিষ্ঠান ‘পে-ইণ্ডিয়া’ত যোগদান কৰিবলৈ পূৰ্বৰ দুই কেব সেৱাৰ পৰা ওলাই আহিব।

প্ৰতিবাদকাৰী সংগঠন দুটাৰ নেতাসকলে কয়, “আমি এই সিদ্ধান্ত লৈছিলো কিয়নো ওলা আৰু উবেৰৰ কৰ্তৃপক্ষই আমাৰ দীৰ্ঘদিনীয়া অভিযোগসমূহ সমাধান কৰা নাছিল।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.