Monday, June 16, 2025
27.3 C
Guwahati
TOP NEWS:

গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন আৰম্ভ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

মুল ৰাউণ্ডত খেলাৰ সুযোগ অসম কন্যা ঈশাৰাণীৰ

গুৱাহাটীঃ অসমৰ ঈশাৰাণী বৰুৱাই গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতাত পোনে পোনে মুল ৰাউণ্ডত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷ যোৱানিশা আনুষ্ঠানিকভাবে ঘোষণা কৰা প্ৰতিযোগিতাৰ সূচীত ঈশাৰাণীক মহিলাৰ একক শাখাত মুল ৰাউণ্ডত খেলাৰ সুযোগ দিয়া হৈছে৷ সেই অনুসৰি বুধবাৰে ঈশাৰাণীয়ে ৰাউণ্ড অব ৩২ ৰ মেচত অংশ ল’ব৷

অৱশ্যে অসম কন্যাৰ প্ৰতিদ্বন্দ্বী এতিয়াও নিৰ্ধাৰণ হোৱা নাই৷ মহিলাৰ একক শাখাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচ সমাপ্ত হোৱাৰ পাছতহে ঈশাৰাণীৰ প্ৰতিদ্বন্দ্বী কোন হ’ব সেয়া নিশ্চিত হ’ব৷ স্মৰ্তব্য যে যোৱা সপ্তাহত অনুষ্ঠিত ছৈয়োদ মোডী আন্তৰ্জাতিক বেডমিণ্টনত ঈশাৰাণী চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈছিল৷

কিন্তু তাৰ পূৰ্বে হোৱা দুখনকৈ আন্তৰ্জাতিক চেলেঞ্জ প্ৰতিযোগিতাত ঈশাৰাণীয়ে সোণ আৰু ব্ৰঞ্জ লাভ কৰিছিল৷ হায়দৰাবাদ চেলেঞ্জত সোণ লাভ কৰাৰ বাবেই গুৱাহাটীত আজিৰে পৰা আৰম্ভ হোৱা বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ প্ৰতিযোগিতাখনত মুল ৰাউণ্ডত খেলাৰ সুযোগ পাইছে ঈশাৰাণীয়ে৷

ইফালে, গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল আৰম্ভ হৈছে৷ পুৰুষ আৰু মহিলাৰ একক আৰু ডাবলছৰ লগতে মিক্সড শাখাৰো খেল অনুষ্ঠিত হয়৷ কিন্তু প্ৰথমদিনাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেলত অসমৰ খেলুৱৈয়ে ব্যৰ্থতাৰ সন্মুখীন হয়৷

Isharani Baruah

পুৰুষৰ ডাবলছ শাখাত সুৰজ গোৱালা আৰু তেওঁৰ সংগী ধ্ৰুৱ ৰাৱট ২১-২৩, ১২-২১ ৰ ব্যৱধানত পৰাস্ত হয়৷ ইফালে, অন্য খেলুৱৈৰ অনুপস্থিতিত খেলাৰ সুযোগ পোৱা অসমৰ মনালী বৰা আৰু ভব্য চাব্ৰাৰ যুটি ১৬-২১, ১৮-২১ ৰ ব্যৱধানত পৰাস্ত হয়৷ আনহাতে, অসমৰ ইমন সোনোৱাল আৰু স্বৰ্ণৰাজ বৰা পুৰুষৰ ডাবলছ শাখাত ১৯-২১, ২৩-২৫ ৰ ব্যৱধানত পৰাস্ত হয়৷ নিশালৈ অসমৰ অৰিজিত চহিলাই একক শাখাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচ খেলিব৷

উল্লেখ্য যে ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মহানগৰীত আয়োজন কৰা প্ৰতিযোগিতাখনত বিশ্বৰ ২৩ খন দেশৰ ৪৬১ গৰাকী পুৰুষ-মহিলা শ্বাটলাৰে অংশ লৈছে৷ মুঠ এক লাখ ইউ এছ ডলাৰ প্ৰাইজমানি থকা প্ৰতিযোগিতাখন অহা আঠ ডিচেম্বৰত সমাপ্ত হ’ব৷

- Advertisement -

Hot this week

Shilpa Shetty Revives 2000s Fashion with a Bold Modern Twist

Y2K style is formally lower back, and Bollywood diva...

দৃশ্য-শ্ৰাব্য নতুন গীত ‘মৰমৰ কওৱা’ শুভমুক্তিৰ বাবে সাজু

লিডুৰ পৰা দেৱজিত বৰাঃ ডি বি প্ৰডাকচনৰ নিবেদনত অসমৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Topics

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
26.4 ° C
26.4 °
26.4 °
87 %
1.8kmh
100 %
Sun
26 °
Mon
29 °
Tue
35 °
Wed
32 °
Thu
30 °