Saturday, July 12, 2025
26.7 C
Guwahati
TOP NEWS:

গুৱাহাটীত আৰম্ভ হ’ল ৰবি শৰ্মা অভিনীত ‘মোক্ষ’ৰ দৃশ্যগ্ৰহণ

- Advertisement -

গুৱাহাটীঃ ছুপাৰষ্টাৰ ৰবি শৰ্মা অভিনীত বহুপ্ৰত্যাশিত অসমীয়া চলচ্চিত্ৰ ‘মোক্ষ’ৰ শুভ মহুৰত অলপতে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰবনত অনুষ্ঠিত হয়। এই একশ্যন থ্ৰিলাৰ ছবিখনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বলীউডৰ প্ৰবীণ অভিনেতা শৰৎ ছাক্সেনাও উক্ত অনুষ্ঠানত উপস্থিত থাকে।

ৰবি শৰ্মাৰ কাহিনীৰে নিৰ্মিত হ’বলৈ ওলোৱা মোক্ষ হৈছে ‘শ্ৰী ৰঘুপতি’ৰ পিছত তেখেতৰ দ্বিতীয়খন ছবি। অসম আৰু গুৱাহাটীকে ধৰি মেঘালয়, অৰুণাচল প্ৰদেশ তথা উত্তৰ বংগৰ বিভিন্ন স্থানত মিৰ্জা আৰিফ হাজৰিকাৰ দ্বাৰা পৰিচালিত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব।

https://www.facebook.com/Ravisarmaufc/videos/1284535279219721

এই উপলক্ষে ৰবি শৰ্মাই কয়, ‘শ্ৰী ৰঘুপতি’ৰ সময়ত বিনাচৰ্তে সহায় আগবঢ়োৱা আমাৰ ৰাজ্যৰ সমূহ শুভাকাংক্ষীক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত সময়ছোৱাৰ দৰে এইবাৰো ৰাইজে দলে-বলে আহি ছবিখনক নিজৰ বুলি মৰমেৰে আঁকোৱালি ল’ব বুলি মই নিশ্চিত।’

https://www.facebook.com/Ravisarmaufc/videos/948848620391011

অনুষ্ঠানটোত উপস্থিত থাকি পৰিচালক মিৰ্জা আৰিফ হাজৰিকাই কয়, ‘মই এছ.এইচ. প্ৰডাকচনৰ ওচৰত তেওঁলোকে দেখুওৱা বিশ্বাস আৰু আস্থাৰ বাবে কৃতজ্ঞ। লগতে, ছুপাৰষ্টাৰ ৰবি শৰ্মাই অতি বিশ্বাসেৰে বহু আগতে লিখা কাহিনীটোৰ কাম আগবঢ়াই নিয়াৰ দায়িত্ব মোৰ হাতত অৰ্পণ কৰা বাবে তেওঁক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। এয়া সঁচাকৈয়ে এক বৃহৎ দায়িত্ব। সকলোৰে মৰম আৰু সমৰ্থনত আমি অহা বছৰলৈ ৰাইজক এখন বিশেষ চলচ্চিত্ৰ উপহাৰ দিবলৈ সক্ষম হ’ম বুলি মই দৃঢ়বিশ্বাসী’।

Hot this week

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
26.3 ° C
26.3 °
26.3 °
85 %
0.7kmh
3 %
Fri
26 °
Sat
35 °
Sun
35 °
Mon
30 °
Tue
30 °