31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    গড়চুকত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

     

    গড়চুকত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু


    গুৱাহাটীৰ গড়চুকৰ পৰা কিছু নিলগৰ গাৰোঘুলিত যোৱানিশা এটা বনৰীয়া হাতীয়ে বিদ্যুৎস্পৃষ্ট হৈ দুর্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷ প্রাপ্ত খবৰ মতে খাদ্যৰ সন্ধানত কাষৰীয়া গড়ভঙা বনাঞ্চলৰ পৰা ওলাই অহা হাতীটো মাজনিশাৰ পিছেত এ পি ডি চি এলে মানুহৰ ঘৰত সংযোগ দিয়া বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পর্শলৈ আহে আৰু কৰুণভাৱে মৃত্যুক আঁকোৱালি লয়৷ পুৱা হাতীটোক বিদ্যুৎস্পৃষ্ট হৈ মৃত অৱস্থাত প্রত্যক্ষ কৰি কোনো লোকেবন বিভাগৰ লখৰাস্থিত দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়া কার্যালয়ক অৱগত কৰায়৷তাৰ পিছত বনাঞ্চলিক বিষয়া বীৰ সিং ইংতিৰ নেতৃত্বত এটা বনকর্মীৰ দল ঘটনাস্থলীলৈ আহে আৰু এ পি ডি চি এলৰ কর্মীৰ সহযোগত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি হাতীটোক উদ্ধাৰ কৰে৷ পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্রাধিকাৰী ৰোহিণী বল্লভ শইকীয়া আৰু সহকাৰী বন সংৰক্ষক গোলাপ বণিয়াই পশু চিকিৎসকসহ ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত ওচৰতে থকা গড়ভঙা বনাঞ্চলত গাঁত খান্দি হাতীটো সমাধিস্থ কৰে৷ বন বিষয়া ৰোহিণী বল্লভ শইকীয়াই জানিবলৈ দিয়া মতে প্রায় ৪৫ বছৰ বয়সৰ ৯ ফুট উচ্চতাৰ মতা হাতীটোৱে বিদ্যুৎ বিভাগৰ কোনো কর্মীৰ অৱহেলাৰ বাবেই কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় ৷ইতিমধ্যে এই সন্দর্ভত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ লগতে বিদ্যুৎ পৰিষদৰ উচ্চপদস্থ বিষয়াকো অঞ্চলটোত বিপজ্জনকভাৱে পথৰ কিছু উচ্চতাত ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ আহ্বান জনাইছে৷ সংগ্ৰহ ডি বি নিউজ

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.