ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা হুংকাৰ ::প্ৰয়োজন হ’লে খেতিয়কে কেঁচা চাহপাত চিঙা বন্ধ কৰি ৰাজপথত প্ৰতিবাদ কৰিব । July 18, 2021 প্ৰতিবেদক, অসম খবৰ 📰 স্থানীয় সংবাদঃ 0 ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ হুংকাৰ :: প্ৰয়োজন হ’লে খেতিয়কে কেঁচা চাহপাত চিঙা বন্ধ কৰি ৰাজপথত প্ৰতিবাদ কৰিব । বিশ্বনাথ জিলাত ক্ৰমান্বয়ে হ্ৰাস পাইছে কেঁচা চাহপাতৰ মূল্য। তাৰ সন্দৰ্ভত দেওবাৰে বটিয়ামাৰিত বিহালী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা এখনি যুটীয়া বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা বিষয়ববীয়া আৰু বিহালী ক্ষুদ্র চাহ খেতিয়ক আঞ্চলিক সমিতি যুটীয়া বৈঠকত প্ৰায় দুঘণ্টা ধৰি বিহালী আৰু বিশ্বনাথ অঞ্চলত বহু দিন ধৰি ক্ষুদ্ৰ চাহ খেতিয়ক সকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ লগতে মূলতঃ বটলিফ ফেক্টৰীৰ মালিকসকলে নিজৰ ইচ্ছা অনুসৰি দৰ হ্ৰাস কৰি কৃষকসকলক শোষণ কৰাৰ প্ৰক্ৰিয়া বন্ধ কৰিব লৈ অহা সোমবাৰে ২৬ জুলাইত দুয়োখন আঞ্চলিক সমিতিয়ে সংশ্লিষ্ট অঞ্চলসমূহত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহপাত তোলা সম্পূৰ্ণ ৰূপে বন্ধ ৰাখিবলৈ আহ্বান জনাই এক সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত কাৰ্যসূচী সৰ্বাত্মক ৰূপে সফল কৰিবলৈ পৰবৰ্তী সময়ত বিহালী আৰু বিশ্বনাথ চাৰিআলি অঞ্চলৰ সকলো ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত এক দ্ৰুত প্ৰচাৰ কাৰ্য্য সূচী গ্ৰহণ কৰা হ’ব । এই যুটীয়া বৈঠক খনত বিশ্বনাথ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে বহু কেইজন বিষয়ববীয়া উপস্থিতি আছিল। আনহাতে এই বৈঠক ত বিহালী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তৰফৰ পৰা সভাপতি ৰাতুল দাসৰ লগতে সম্পাদক খগেন উপাধ্যায় , সহকাৰী সম্পাদক পুতুল দাস, আৰু উপ সভাপতি ডম্বৰু দাহাল উপস্থিত আছিল ।
Leave a Reply