Thursday, July 10, 2025
33.4 C
Guwahati
TOP NEWS:

কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত:

- Advertisement -

 

বুধবাৰে অনুষ্ঠিত হয় কেবিনেট বৈঠক ।
এই বৈঠকত লোৱা হয় বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

■ ৰাজ্যৰ চাহ বাগানসমূহত শীতকালত উৎপাদনকাৰ্য স্থিমিত হোৱাৰ পৰিপ্ৰেক্ষিতত এম জি এনৰেগাৰ অধীনত চাহ শ্ৰমিকসকলক পুখুৰী খনন, পথ নিৰ্মাণ আদিত কৰ্মসংস্থাপন প্ৰদানৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

■এম জি এনৰেগাৰ অধীনত পুখুৰী খনন কাৰ্য অগ্ৰাধিকাৰ ভিত্তিত গ্ৰহণ কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ বাবে সাঁচি, চোমগছ আদি ৰোপণৰ পদক্ষেপ ল’বলৈ আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গ্ৰামাঞ্চলত বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, পাৰ্ক আদি নিৰ্মাণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

গুৱাহাটী উন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগক একত্ৰিত কৰি ‘গৃহ আৰু নগৰ পৰিক্ৰমা’
নামেৰে এটা বিভাগ কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷
■ সাধাৰণ প্ৰশাসন বিভাগ আৰু সচিবালয় প্ৰশাসন বিভাগক একত্ৰিত কৰি সাধাৰণ প্ৰশাসন বিভাগ নামেৰে এটা বিভাগ কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷
■ আজিৰ কেবিনেটে সিদ্ধান্ত লয় যে এতিয়াৰে পৰা তথ্য আৰু জনসংযোগ মন্ত্ৰীয়ে বাতৰি কাকত আৰু বৈদ্যুতিন সংবাদ মাধ্যমত প্ৰকাশিত আৰু প্ৰচাৰিত বিজ্ঞাপনৰ বিল পৰিশোধৰ ক্ষেত্ৰত পোনপটীয়াকৈ অনুমোদন জনাব পাৰিব৷
■ কেবিনেটে গোলাঘাট আৰু সৰুপথাৰ ৰাজহ চক্ৰক খৰাং পীড়িত অঞ্চল বুলি ঘোষণা কৰে৷ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত ৰাজহ মন্ত্ৰী যোগেন মহন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহালক খৰাং পীড়িত অঞ্চল পৰিদৰ্শন কৰি ভুক্তভোগী পৰিয়ালক প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদানৰ বাবে দায়িত্ব অৰ্পণ কৰে৷
■ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসভৱনক ‘ঐতিহ্য ভৱন’ হিচাপে ঘোষণা কৰি সংৰক্ষণৰ পদক্ষেপ লোৱাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

Hot this week

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
33 ° C
33 °
33 °
61 %
1.2kmh
5 %
Thu
33 °
Fri
33 °
Sat
34 °
Sun
31 °
Mon
27 °