কৃষ্ণাই দায়ৰঙত গোছা ৰাকায়ঃ লখিমীক সেৱা জনাই লগে ভাগে ভূঁই ৰুলে ৰোৱনী সকলে

♦উদুলি মুদুলি গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া দায়ৰঙৰ দামল পথাৰ। আজি পুৱাৰ ভাগত এই দামল পথাৰতে অঞ্চলটোৰ পুৰুষ মহিলা সকলে সমূহীয়া ভাৱে আয়োজন কৰিলে গোছা ৰাকায়৷ গোছা ৰাকায় হৈছে ৰাভা সমাজত পৰম্পৰাগত ভাৱে চলি অহা কৃষি ভিত্তিক এক সামাজিক অনুষ্ঠান৷ দৰাচলতে কোনো এজন কৃষকে নিজৰ খেতি পথাৰত আৰম্ভ কৰিবলৈ লোৱা কৃষি কাৰ্যৰ প্ৰথম দিনা সমূহীয়া ভাৱে ভূঁই ৰোৱা পৰ্বটোৱে হৈছে গোছা ৰাকায় বা গোছা লোৱা অনুষ্ঠান৷

আজি ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তৰুণ ৰাভাৰ দামল পথাৰৰ কৃষিভূমিত অঞ্চলটোৰ পুৰুষ মহিলা সকলে আয়োজন কৰিলে গোছা ৰাকায়৷ নাচি বাগি, ইজনে সিজনৰ গালে-মুখে বোকা সানি ভূঁই ৰোৱাৰ অন্তত আটায়ে মিলি পিঠা পোনাৰ লগতে ‘জোঙা’ বুলি পৰিচিত এবিধ থলুৱা ভাৱে প্ৰস্তুত পানীয় সেৱন কৰে ৰোৱনী সকলে৷ এই সন্দৰ্ভত তৰুণ ৰাভাই এইদৰে মত ব্যক্ত কৰে-

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.