কৃষ্ণাইত প্ৰবল শিল বৰষুণঃ শাক-পাচলি খেতিৰ ক্ষতিসাধন

■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ
গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলত আজি হঠাতে নামি আহিল এজাক প্ৰবল বৰষুণ। তীব্ৰ ৰ’দ আৰু প্ৰায় ৩৫ ডিগ্ৰী উত্তাপৰ মাজতে আজি আবেলি প্ৰায় ৪-৩০ বজাত নামি অহা বৰষুণ জাকত বৰষুণতকৈ শিলৰ পৰিমাণ বেছি আছিল যদিও অঞ্চলটো বিশেষ ক্ষতিৰ সন্মুখীন নহ’ল৷ অৱশ্যে ভেলাখামাৰ,মানিকপুৰ,খাৰিজা মাণিকপুৰ আদিকে ধৰি দুই চাৰিখন গাঁৱৰ খেতিয়কৰ শাক-পাচলি খেতিৰ কিছু অনিষ্ট হোৱা বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.