কৃষ্ণাইত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে তীব্ৰ অভিযান বন বিভাগৰঃ শাল গছৰ কুণ্ডা ভৰ্তি গাড়ী জব্দ

◊কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বন বিভাগে৷ ইতিমধ্যে বহু চোৰাং কাঠ তথা অবৈধ মিল জব্দ কৰা বল বিভাগে যোৱা নিশাও শাল গছৰ কুণ্ডাভৰ্তি এ এছ ১৮ চি ৭৭৩৯ নম্বৰৰ টাটা এচিএছ বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়৷ এক গোপন সূত্ৰৰ পম খেদি বৰঝাৰ পাহিদলৰ পৰা জব্দ কৰা শালগছৰ কুণ্ডা খিনিৰ মূল্য প্ৰায় আশী হেজাৰ টকা হ’ব বুলি বন বিভাগে জানিবলৈ দিছে৷ 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.