কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে কাষ চাপিলে মামা গোটৰ

MLA

‘মই চৰকাৰৰ পক্ষত থাকিম’- মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিৰ ভৰিত ধৰি সেৱা কৰিলে কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে

আকৌ কংগ্ৰেছ দলত মোক্ষত আঘাত! এইবাৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিবলৈ মন মেলিছে ৰহাৰ বিধায়ক শশীকান্ত দাসৰ।

অসম বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই স্পষ্ট হৈ পৰিল ছবি। ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ভৰি চুই সেৱা কৰি ক’লে- ‘মই চৰকাৰৰ পক্ষত থাকিম।’

উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনত অগপ প্ৰাৰ্থী বিষ্ণু দাসক পৰাস্ত কৰি ৰহাৰ পৰা বিধানসভালৈ আহিছিল শশীকান্ত দাস।

ইফালে এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে,’ কেতিয়া যোগদান কৰিব সেয়া ডাঙৰ কথা। তেওঁ আজিয়েই শাসকীয় পক্ষৰ লবীত বহিছে।

উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰী পক্ষত থাকিব খুজিছে শশীকান্ত দাসে।

বিজেপিৰ সভাপতি হিচাপে আমাৰ লবীলৈ শশীকান্ত দাসক আদৰিলো। বহুদিনৰ পৰা তেওঁ যোগাযোগত আছিল।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.