ওদালগুৰি জিলাৰ যক্ষ্মা ৰোগীলৈ সহায়ৰ হাত বহুজনৰ

♦ বিজয় দাস, ৰুচিনাথ বসুমতাৰী, পুণম ঝা, লক্ষণ সিঙক সম্বৰ্ধনা 

টংলাৰ পৰা চিন্ময় ডেকাঃ যক্ষ্মা ৰোগীক স্ব-ইচ্ছাই পুষ্টিকৰ খাদ্য যোগান ধৰা ওদালগুৰি জিলাৰ চাৰিজন মানৱদৰদী ব্যক্তিক ওদালগুৰি জিলা যক্ষ্মা কেন্দ্ৰই সম্বৰ্ধনা জ্ঞাপন কৰিছে। আজি জিলাখনৰ হাতীগড় খৈৰাজংগল নিৱাসী তথা হাতীগড় হাইস্কুলৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী লক্ষণ সিঙক জিলা যক্ষ্মা কেন্দ্ৰৰ হৈ পিপিএম সমন্বয়ক বিলাত বসুমতাৰীয়ে আৰনাই আৰু সম্বৰ্ধনা পত্ৰৰে সম্ভাষণ জনায়।

আনহাতে কালি জিলা যক্ষ্মা বিষয়া ডা৹ ধ্ৰুৱজ্যোতি পাঠক, পি এম ডি টি সমন্বয়ক দিগন্ত ডেকা, জ্যেষ্ঠ চিকিৎসা পৰ্যবেক্ষক গণেশ দত্তই ভৈৰৱকুণ্ডৰ সমাজসেৱক ৰুচিনাথ বসুমতাৰী, ওদালগুৰি দাস মেডিকেলৰ স্বত্বাধিকাৰী বিজয় দাস আৰু মাজবাটৰ মহিলা উদ্যোগী পুণম ঝাক সম্বৰ্ধনা জ্ঞাপন কৰে।

ওদালগুৰি জিলাত চিনাক্ত হোৱা যক্ষ্মা ৰোগীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু বহুজন মানৱদৰদী ব্যক্তি। যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীক চৰকাৰীভাৱে বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ লগতে মাহে ৫০০ টকাকৈ আগবঢ়োৱা হয় যদিও মাৰাত্মক যক্ষ্মা ৰোগত আক্ৰান্ত আৰ্থিকভাৱে দূৰ্বল ৰোগী সকলক সমাজেও চোৱাচিতা কৰাৰ প্ৰয়োজন বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি আহ্বান জনাইছে, তাৰ প্ৰতি সঁহাৰি জনাই বহু মানৱপ্ৰেমী আগবাঢ়ি আহিছে আৰু মাহে কমেও ৫০০ টকাৰ পুষ্টিকৰ খাদ্য সামগ্ৰী একোজন যক্ষ্মা ৰোগীক প্ৰদান কৰি গাইছে মানৱতাৰ জয়গান।

উল্লেখ্যনীয় ভাৱে কালি ওদালগুৰিৰ শ্ৰীকৃষ্ণ মেডিকেলৰ স্বত্বাধিকাৰী অভিজিৎ বিশ্বাসে তিনিজন, ৰামকৃষ্ণ সেৱাশ্ৰম, ওদালগুৰিৰ সভাপতি বিষ্ণু ঘোষ আৰু সম্পাদক গুৰুদাস সাহাই চাৰিজন আৰু মাজবাটৰ সংসত শিশু উন্নয়ন প্ৰকল্প বিষয়া অঞ্জনা ব্ৰহ্মই দুজন যক্ষ্মা ৰোগীক খাদ্য সামগ্ৰী প্ৰদান কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.