ওদালগুৰি জিলাত ১০০ খনতকৈ অধিক গাঁৱত কৰ্ম-সংস্থাপন প্ৰদান এজিউৰ পাৱাৰৰ

■ ওদালগুৰি জিলাত স্কিল ডেভেলপমেণ্ট অনুষ্ঠানৰ দ্বাৰা ১০০ খন তকৈ অধিক গাঁৱত কৰ্ম-সংস্থাপন প্ৰদান এজিউৰ পাৱাৰৰ

■ ১১৪ গৰাকী শিক্ষাৰ্থীক কৌশল বিকাশ পাঠ্যক্ৰম-কাপোৰ চিলোৱা, বিউটিচিয়ান আৰু মেক্‌-আপ আৰু প্ৰাথমিক কম্পিউটাৰ শিক্ষাৰ পাঠ্যক্ৰমৰ বাবে সম্বৰ্ধনা জনোৱা হয় আৰু মেধা সম্পন্ন শিক্ষাৰ্থীসকল সা-সৰঞ্জাম প্ৰদান

● ওদালগুৰি/গুৱাহাটীঃ দহ বছৰৰ যাত্ৰাৰ অন্যতম শ্ৰেষ্ঠ সৌৰ শক্তি কোম্পানী আৰু ভাৰতৰ প্ৰথম ব্যক্তিগত খণ্ডৰ সৌৰ শক্তিৰ কাৰ্যকৰী কোম্পানী এজিউৰ পাৱাৰ যিয়ে ২০০৯ চনত সৌৰ প্ৰকল্প স্থাপন কৰিছিল।

প্ৰতিষ্ঠানটোৱে শনিবাৰে ১১৪ গৰাকী শিক্ষাৰ্থীক কৌশল বিকাশ পাঠ্যক্ৰম – কাপোৰ চিলোৱা, বিউটিচিয়ান আৰু মেক্‌-আপ আৰু প্ৰাথমিক কম্পিউটাৰ শিক্ষাৰ পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱাৰ বাবে ইয়াৰ সৰ্ভা হেৰুৱা কৌশল বিকাশ কেন্দ্ৰ, ওদালগুৰিত সম্বৰ্ধনা জনায়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড ৰঙিয়া খণ্ডৰ প্ৰৱন্ধক চন্দন বৰাৰ লগতে উপস্থিত থাকে স্থানীয় গ্ৰামাঞ্চলৰ সন্মানীয় ব্যক্তি, সৰ্ভা হেৰুৱা জোন্‌শ্চাৰ ক্লাবৰ সভাপতি খৱৰ্মশ্বা বসুমতাৰী আৰু সম্পাদক ৰমন ব্ৰক্ষ্মা, স্থানীয় গাঁওৰ সভাপতি অমৰ জনায়, সম্পাদক বজ্ৰ নাৰ্জাৰী। বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা শিক্ষাৰ্থীসকলক প্ৰমানপত্ৰ আৰু মেধা সম্পন্ন শিক্ষাৰ্থীসকলক সা-সৰঞ্জাম প্ৰদান কৰে।

এজিউৰ পাৱাৰৰ ওদালগুৰিস্থিত স্কিল ডেভেলপমেণ্ট কেন্দ্ৰত স্থানীয় লোকসকলক কাপোৰ কটা-মেলা আৰু চিলোৱা, বিউটিচিয়ান আৰু মেক্‌-আপ আৰু প্ৰাথমিক কম্পিউটাৰ শিক্ষাৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হয়, যি আজি দৈনিক উপাৰ্জনৰ মূল উৎস হৈ পৰিছে আৰু স্থানীয় লোকৰ বাবে ভৱিষ্যতৰ বাবে কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিছে।

শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা সম্পৰ্কে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড ৰঙিয়া খণ্ডৰ প্ৰৱন্ধক চন্দন বৰাই কয়,‘স্থানীয় লোকৰ বাবে এজিউৰ পাৱাৰ যি অৱদান আগবঢ়াইছে সেয়া দেখিবলৈ পায় অত্যন্ত সুখী হৈছো। স্কিল ডেভেলপমেণ্ট কেন্দ্ৰত আগবঢ়োৱা এই কৌশলগত শিক্ষাৰ দ্বাৰা লাভ কৰা কৰ্ম সংস্থাপনে জনসাধাৰণক বহু দূৰলৈ আগবঢ়াই নিব আৰু উন্নত জীৱন যাপনত সহায় কৰিব।’

এজিউৰ পাৱাৰ মুখ্য বহনক্ষমতা বিষয়া সুমিট বাৰাটে কয়,‘এজিউৰ পাৱাৰত বহনক্ষমতাই কেৱল স্বচ্ছ আৰু বহনক্ষম শক্তিকেই সামৰি নলয়, ইয়াৰ লগতে দ্বায়িত্বশীল সামাজিক পদ্ধতিৰে সম্প্ৰদায়সমূহৰ স্বাস্থ্য বিকাশতো গুৰুত্ব দিয়ে। এই প্ৰতিশ্ৰুতিকেই সাৰোগত কৰি, আমাৰ স্কিল ডেভেলপমেণ্ট কেন্দ্ৰসমূহে হিতাধীকাৰীসকলক তেঁওলোকৰ জীৱন-ধাৰণক উন্নত কৰিবলৈ সহায় আগবঢ়াইছে। যিয়ে আমাৰ প্ৰসাৰিত এজিউৰ পৰিয়ালৰ সদস্য আমাৰ উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ জীৱন গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে।’

কোম্পানীয়ে বৰ্তমান অসমৰ তিনিখন জিলাত স্কিল ডেভেলপমেণ্ট কেন্দ্ৰ সঞ্চালন কৰি আহিছে যিয়ে ৫০০ তকৈও অধিক লোকক প্ৰশিক্ষণ প্ৰদান কৰিছে। কোম্পানীয়ে লগতে ব্যৱসায়ৰ বিভিন্ন সৰঞ্জাম যেনে চিলাই মেচিন, উন্নত পশুপালন আৰু লগতে প্ৰকল্পৰ স্থানত স্থানীয় লোকক কৰ্ম সংস্থাপন প্ৰদান কৰিছে। ষ্ট্ৰিট লাইট স্থাপন আৰু স্বচ্ছ আৰু সুৰক্ষিত পানীৰ বাবে আৰও প্ৰদান আদি পদক্ষেপেৰে গাঁওসমূহৰ স্থানীয় আন্তঃগাঁঠনি উন্নত কৰা হৈছে। ইয়াৰ ওপৰিও, শিক্ষাৰ্থীসকলৰ শিক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধাৰ বিকাশৰ লক্ষ্যৰে স্থানীয় বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি উন্নত কৰি ইয়াক স্মাৰ্ট শ্ৰেণীকোঠালৈ ৰূপান্তৰ কৰা হৈছে সক্ষম মাল্টি-মিডিয়া আৰু কম্পিউটাৰ শিক্ষাৰ সংযোজনৰ দ্বাৰা।

এজিউৰ পাৱাৰ দক্ষ, ধাৰণক্ষম আৰু দ্বায়িত্বশীল সামাজিক পদ্ধতিৰে বহনক্ষম সৌৰ শক্তি যোগান ধৰাৰ লক্ষৰে এজিউৰ পাৱাৰ স্থাপন কৰা হৈছিল ২০০৮ বৰ্ষত। সমগ্ৰ দেশ জুৰি, এজিউৰ পাৱাৰ দেশৰ অন্যতম আগশাৰীৰ সৌৰ শক্তি বিকাশকাৰী।

এজিউৰ পাৱাৰে ভাৰতবৰ্ষৰ প্ৰথম ব্যৱসায়িক কাৰ্যকৰী মানদণ্ডৰ সৌৰ প্ৰকল্প ২০০৯ ত নিৰ্মান কৰে আৰু ২০০৮ বৰ্ষৰ ইয়াৰ সূচনা পৰা এই ক্ষেত্ৰত সৌৰ প্ৰকল্পৰ বিকাশকাৰী আৰু সঞ্চালক হিচাপে নেতৃত্ব লৈ আহিছে। এজিউৰে অসমৰ প্ৰথমটি কাৰ্যকৰী মানদণ্ডৰ সৌৰ শক্তিৰ প্ৰকল্প নিৰ্মানত কাম কৰি আছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.