Saturday, July 12, 2025
26.7 C
Guwahati
TOP NEWS:

উত্তৰ গুৱাহাটী আউনী আটী সত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ জন্মদিন উপলক্ষে বৃক্ষৰোপন, বিভিন্ন দল সংগঠনৰ সম্বৰ্ধনা

- Advertisement -

উত্তৰ গুৱাহাটীঃ উত্তৰ গুৱাহাটী আউনী আটী সত্ৰত আজি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক হেমন্ত চৌধুৰীৰ জন্মদিন উপলক্ষে উত্তৰ গুৱাহাটী আউনী আটী সত্ৰৰ দিব্য উপবনত বৃক্ষৰোপণ কৰা হয়। পোনপ্ৰথমে চৌধুৰীয়ে আউনী আটী সত্ৰৰ নামঘৰত সেৱা লয়। সেৱা লোৱাৰ পিছতে দেৱালয় চৌহদত জন্মদিন উপলক্ষে চৌধুৰীয়ে দুটা আপুৰুগীয়া সমিধ গছৰ পুলি ৰোপন কৰে। বৃক্ষৰোপনৰ পিছতে স্থানীয় দল সংগঠনে স্বতস্ফুত ভাৱে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। জনহিতাৰ্থে, আত্মোসৰ্গিত ভাৱে সেৱা আগবঢ়াই অহা কৰ্ম উদ্যোগী হেমন্ত চৌধুৰীক উত্তৰ গুৱাহাটীৰ বিভিন্ন দল সংগঠন ব্যক্তিয়ে জন্মদিনৰ ওলগ জনায়।

জন্মদিন উপলক্ষে আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত সমাজকৰ্মী পাৰ্থপ্ৰতীম বৰকাকতীয়ে আতঁ ধৰা অনুষ্ঠানত আমিনগাওঁ প্ৰেছ ক্লাৱৰ সম্পাদক সহকাৰী সম্প‍াদক নিতোপম মেধী, নৰ্থ গুৱাহাটী জাণেলিষ্ট ফৰামৰ সভাপতি ৰঞ্জন দত্ত, অসম বিজ্ঞান সমিতিৰ উত্তৰ গুৱাহাটী শাখাৰ সভাপতি থানেশ্বৰ শৰ্মা, উত্তৰ গুৱাহাটী স্বৰ্ণ শাখা সাহিত্য সভাৰ উপ সভাপতি তথা অসম চৰকাৰৰ অবিচি বৰ্ড কামৰূপ জিলাৰ উপাধ্যক্ষ জয়ন্ত কুমাৰ নাথ, মাধৱদেৱ একাডেমীৰ সম্পাদক মুকুটেশ্বৰ গোস্ব‍মী, স‍াংবাদিক মুনিন ডেকা সাংবাদিক গোবিন্দ দাস, সাংবাদিক প্ৰবিন কুমাৰ দাস, উত্তৰ গুৱাহাটীৰ পৌৰসভা পাৰিষদ ক্ৰমে তিলক দাস, গনেশ দাস অনামিকা ডেকা, বনমালী ভড়ালী, অমিয়া দাস, কামৰূপ জিলাৰ ক্ৰীড়া সন্থাৰ কোষাধ্যক্ষ কৰুণা শইকীয়া, জয়ন্ত কুমাৰ ভৃঞা, নিতুমনি দাস, অশোক চৌধুৰী, প্ৰাণেশ্বৰ শৰ্মাৰ লগতে প্ৰমুখ্যে নপূৰ দাস বৰষা দাস, সত্ৰৰ ভকত বৈষ্ণৱৰ লগতে কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে সম্বৰ্ধনা জনায়। জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি চৌধুৰীয়ে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তাৰ পাছতো হেমন্ত চৌধুৰী উত্তৰ গুৱাহাটী শিশুগ্ৰামত উপস্থিত হৈ শিশু সকলৰ লগত কিছু সময় মত-বিনিময় কৰে আৰু বৃক্ষৰোপন কৰে। উল্লেখ্য আজি শিশু সকলৰ মাজত উত্তৰ গুৱাহাটী বিজেপি মণ্ডলৰ সৌজন্যত শিশু সকলৰ মাজত স্কুলীয়া বেগৰ লগত পঢ়াৰ সামগ্ৰী বিতৰন কৰা হয়। শিশুগ্ৰামত বিজেপি মণ্ডলৰ সভাপতি গংগাধৰ দাস, সাধাৰণ সম্পাদকদ্বয় গজেন বড়া, সঞ্জীৱ শৰ্মা, সম্পাদক প্ৰাঞ্জল দাস কনক বৈশ্য, ৰাজু শৰ্মা প্ৰমুখ্যে সকলো বিষয়ববীয়া উপস্থিত থাকে।

Hot this week

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
26.3 ° C
26.3 °
26.3 °
85 %
0.7kmh
3 %
Fri
26 °
Sat
35 °
Sun
35 °
Mon
30 °
Tue
30 °