31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা

    — গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৬ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে।...

    শেহতীয়া আপডেটঃ

    ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

    ইন্টেগ্ৰেটেড স্নাতকোত্তৰ ডিগ্ৰীৰ শিক্ষাৰ্থীসকলক এটা শৈক্ষিক ধাৰাত আবদ্ধ কৰি ৰখা হয় যাৰ ফলত সাধাৰণতে মাজভাগত বিষয় বা প্ৰতিষ্ঠান সলনি কৰাটো কঠিন৷ যদি শিক্ষাৰ্থীসকলে স্নাতক শেষ কৰিয়েই শিক্ষা এৰিবলৈ ইচ্ছা হয়, তেন্তে কিছুমান বিশ্ববিদ্যালয়ে স্বতন্ত্ৰ ডিগ্ৰী নিদিয়ে বা চাকৰিৰ সুবিধা সীমিত হ’ব পাৰে।

    ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী
    ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

    শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ ডিগ্ৰী বাছনি কৰাতো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্তই তেওঁলোকৰ ভৱিষ্যতৰ কেৰিয়াৰ পথ নিৰ্ধাৰণ কৰে। শিক্ষাৰ্থীসকলৰ উদ্দেশ্য, অভিৰুচি আৰু ভবিষ্যতৰ লক্ষ্যৰ ওপৰত ভিত্তিত কৰি ইন্টেগ্ৰেটেড স্নাতকোত্তৰ ডিগ্ৰী নে স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্রম অধ্যয়ন কৰিলে ভাল, সেইটো নিৰ্ভয় কৰিব । দুয়োটা পাঠ্যক্রমতে সুবিধা আৰু অসুবিধা আছে।

    Top Best MBA Program in India for Leadership & Growth
    ইন্টেগ্ৰেটেড স্নাতকোত্তৰ ডিগ্ৰীৰ উদাহৰণ হ’ল – B.Sc.+M.Sc., B.A.+M.A., B.C.A.+M.C.A, B.Tech+M.Tech আদি । সাধাৰণতে স্বতন্ত্ৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীতকৈ ইন্টেগ্ৰেটেড স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্রমত কম সময় লাগে আৰু খৰচ কম হয়।স্নাতক আৰু স্নাতকোত্তৰৰ মাজত কোনো নামভৰ্তিৰ ব্যৱধান নথকা এক অবিৰত আৰু সু-গাঁথনিযুক্ত শৈক্ষিক কাৰ্যসূচী আগবঢ়ায়। উচ্চ শিক্ষা বা গৱেষণালৈ যাবলৈ ই ভাল পটভূমি প্ৰস্তুত কৰে।

    8 Must To Do Activities in First Year of Engineering(B.Tech)
    ইন্টেগ্ৰেটেড স্নাতকোত্তৰ ডিগ্ৰীৰ শিক্ষাৰ্থীসকলক এটা শৈক্ষিক ধাৰাত আবদ্ধ কৰি ৰখা হয় যাৰ ফলত সাধাৰণতে মাজভাগত বিষয় বা প্ৰতিষ্ঠান সলনি কৰাটো কঠিন৷ যদি শিক্ষাৰ্থীসকলে স্নাতক শেষ কৰিয়েই শিক্ষা এৰিবলৈ ইচ্ছা হয়, তেন্তে কিছুমান বিশ্ববিদ্যালয়ে স্বতন্ত্ৰ ডিগ্ৰী নিদিয়ে বা চাকৰিৰ সুবিধা সীমিত হ’ব পাৰে। ৫ বছৰ একেটা প্ৰতিষ্ঠানত থাকিলে বেলেগ শিক্ষানুষ্ঠান, শৈক্ষিক পদ্ধতি বা সংস্কৃতিৰ সৈতে পৰিচয় হ’বলৈ সুবিধা নাপায়। শিক্ষাৰ্থীসকলৰ যদি পিছত উপলব্ধি হয় যে আগ্ৰহ আন এটা ক্ষেত্ৰত আছে, তেন্তে ইণ্টেগ্ৰেটেড ডিগ্ৰীৰ পৰা ওলাই অন্য ক্ষেত্ৰলৈ যোৱা কঠিন হ’ব পাৰে।

    MSc in Biochemistry - Institute of Science
    স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰীৰ উদাহৰণ হ’ল – M.A., M.Sc., M.C.A., M. Tech, MBA আদি। স্নাতকৰ পিছত নতুন বিষয় বা বা বেলেগ শিক্ষা প্ৰতিষ্ঠান বাচি ল’ব পাৰে।স্নাতকৰ পিছত কিবা চাকৰি বা ইণ্টাৰ্নশ্বিপ কৰি অভিজ্ঞতা ল’ব পাৰে। পৰিণত বয়সত নিজৰ আগ্ৰহ আৰু লক্ষ্য বুজি, বেছি সচেতনভাৱে শিক্ষাৰ্থীসকলে স্নাতকোত্তৰ ডিগ্ৰী বাচিব পাৰে। কিছুমান উচ্চস্তৰীয় পাঠ্যক্রম (যেনে- MBA, M.Tech আদি) মাত্ৰ পৰম্পৰাগত পদ্ধতিত উপলব্ধ।
    স্নাতকোত্তৰৰ বাবে সুকীয়াকৈ আবেদন, পৰীক্ষা (যেনে- GATE, JAM, CAT,MAT আদি) দিব লাগিব পাৰে। স্নাতক আৰু স্নাতকোত্তৰৰ মাজত সময়ৰ ব্যৱধান হ’ব পাৰে।

    GATE Exam 2024- Dates, Registration, Syllabus, Exam Pattern & Eligibilityসেয়ে, যদি শিক্ষাৰ্থীসকলে চাকৰি, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ, আৰু অধ্যয়নৰ ক্ষেত্ৰত নমনীয়তা বিচাৰে, তেন্তে স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্রম বাছনি কৰাটো অধিক উপযুক্ত হ’ব।
    অন্যহাতে, যদি শিক্ষাৰ্থীসকলে গৱেষণা, পিএইচডি, একাডেমিক কেৰিয়াৰ গঢ়ি তোলা আৰু বিষয়ৰ ওপৰত আগতিয়াকৈ নিশ্চিত থাকে, তেন্তে ইন্টেগ্ৰেটেড স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্রম বাছনি কৰাটো বেছি লাভজনক হ’ব।

    ড° বুলজিৎ বুঢ়াগোহাঁই
    কেৰিয়াৰ পৰামৰ্শদাতা তথা
    মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
    ফোন: ৯৪৩৫১৮৮৬৩০
    ই-মেইল: buljit@gmail.com
    www.buljit.com

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.