আমিবিহীন ঘৰবোৰ

আমিবিহীন ঘৰবোৰ!!!

এইযে বৰদেউতাৰ ঘৰৰ লোদোৰপোদোৰ মইনাকণ, এইযে সদায় সন্ধিয়া চাহ এবাতি খাবলৈ অহা দদাইজন; কিমান যে মূল্যবান আমাৰ জীৱনত, আমিবিহীন ঘৰবোৰত!!

একলা-দুকলাকৈ বাঢ়ি আহো আমিবোৰ, আৰু মাৰ দুচকুত বাঢ়ি আহে আমাক লৈ দেখা সপোনবোৰ, দেউতাৰ কান্ধত বাঢ়ি আহে আমাৰ সপোন পূৰোৱাৰ দায়িত্ববোধবোৰ।

মাকে চুই দিলে হেনো দৰৱেও গুণ নধৰে, তেনেস্থলত আমাৰ কক্ষপথত আহি পৰা অনাহুত প্ৰতিবন্ধক আঁতৰাবলৈ তেওঁতকৈ শক্তিশালিনী কোন হ’ব পাৰে? সেই মানসিক শক্তিৰেই সন্ধিয়াৰ ৰিম্‌ঝিম্‌ অতিথিক ততালিকে ওভতাই পঠিওৱা মা, বুকুত শিল থৈও চকুকেইটা নুফুটোৱাকৈ শাসন কৰিবলৈ শিক্ষাগুৰুক আব্দাৰ ধৰা দেউতা পৃথিৱীৰ অন্যতম প্ৰিয় মানুহ। আমাৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ বাবেই দিছোঁনেকি এই অভিধা?

চাকৰিৰ প্ৰথম মাহৰ দৰমহা নোপোৱাৰ কাৰণেই বিহুটিত মই ঘৰলৈ নাহিম আৰু মা সুখত থাকিব, এনেকুৱা হ’ব পাৰেনে? মই মাহেকৰ মূৰত টকাকেইটা পাওঁ কাৰণেই দেউতাই নিজৰ কাম এৰি মোৰ টকাকেইটাৰে খাই আৰামত থাকিব, এনেকুৱা আশাও সম্ভৱনে?

স্নেহৰ ঘৰখনত অত্যাধিক মানসিক শক্তি আৰু স্থিৰতাৰ প্ৰতীক দুজনাৰ ছাঁত জিৰাবলৈ আহি আজিচোন লক্ষ্য কৰোঁ মা-দেউতাৰ একোখনকৈ পৃথক ছবি।

যেন আমাৰ প্ৰতি আদৰ প্ৰদৰ্শনৰ লগতে মইনাটোৰ প্ৰতিও সমানেই আগ্ৰহী মোৰ মা! মোৰ লগত দুআষাৰ পতাৰ সময়তেই দদাইদেউৰ চাহকাপক লৈও সমানেই উদ্বিগ্ন মোৰ দেউতা!

তেন্তে নিজৰ ঘৰখনতে মই অৱহেলিত নেকি?

নহয় আচলতে। কাৰণ মই/আমিবিহীন ঘৰবোৰত মইনাটি নাইবা দদাইজনেই মা-দেউতাৰ আপদৰ মাত, আকালৰ ভাত, এক চ’চিয়েল চাপ’ৰ্ট চিষ্টেম। আমাৰ জিৰণিৰ সময়ত অথবা অৱসৰ বিনোদনত ব্যাঘাত জন্মালে বুলিয়েই পিতৃ-মাতৃৰ দৈনন্দিন পৰিক্ৰমাত আমি হস্তক্ষেপ কৰিমনেকি? আমিবিহীন ঘৰবোৰত এই মানুহখিনিয়েই জানো আমাৰ নামৰ শূণ্যতা পূৰক নহয়?

উত্তৰ বৰুৱা প্ৰবক্তা

শিৱসাগৰ মহাবিদ্যালয়

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.