Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

আদিবাসী সকলৰ চহৰাই উৎসবৰ উপলক্ষ্যত ” যুগ যুগ চহৰাই পৰৱ ২০২১” ভিডিঅ এলবামৰ শুভমুক্তি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

ৰমেশ চন্দ্ৰ চৰেণ ২ নৱেম্বৰ  :

আদিবাসী সকলৰ অন্যতম কৃষিভিক্তিত উৎসৱ চহৰাই পৰৱৰ দিন চমু চাপি অহাৰ লগে লগে এই উৎসৱক কেন্দ্ৰ কৰি ৰাজ্যখনতে এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে ৷

অন্যান্য আদিবাসীভুক্ত জনগোষ্ঠীৰ ভিতৰত চাওঁতালী ভাষী লোক সকলে এই উৎসৱক পালন কৰিবৰ বাবে তৎপৰ হৈছে ৷

ব্যক্তিক্ৰম হোৱা নাই শিল্পী সকলেও ৷ শিল্পী বাসন্তী হাসদাই চহৰাই পৰবৰ উপলক্ষে নিৰ্মাণ কৰি উলিয়াইছে ” যুগ যুগ চহৰাই পৰৱ ২০২১ ” নামৰ এটি ভিডিঅ এলবাম ৷ চাওঁতালী জনপ্ৰিয় কণ্ঠশিল্পী এল.ডি হাসঁদাই পৰিচালনা কৰা এলবামৰ গীতটিত সুৰ দি কণ্ঠদান কৰিছে ৷ ইতিমধ্যে শুভমুক্তিও লাভ কৰিছে ভিডিঅ এলবামটি ৷

জনপ্ৰিয়তা অৰ্জন কৰা ” যুগ যুগ চহৰাই পৰৱ ২০২১” এলবামটিত চাওঁতাল সকলে “চহৰাই পৰৱ” ক পালন কৰাৰ সাংস্কৃতিক পৰিক্ৰমাৰ বিশেষ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷ এলবামটিৰ সংগীত পৰিছালনা আদিবাসীৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিক্টৰ লাকড়াৰ ৷ ভৈৰাগুৰি পথাৰ চাইচম্পা চাওঁতালী দল আৰু কমাৰপথাৰ বীণাপাণি ঝুমইৰ দলে সুন্দৰভাবে নৃত্য প্ৰদৰ্শনেৰে অসমৰ শোণিতপুৰ জিলাৰ বৰবিল , কাৱৈমাৰী আৰু ভৈৰাগুৰিৰ লোকেচনত দৃশ্যগ্ৰহন কৰিছে ৷ তপন চৰেণ’ৰ ব্যৱস্থাপনাত হোৱা ভিডিঅ এলবামটি L.D Hasda নামৰ ইউটিউব চেনেলত উপলব্ধ হব ৷ সকলো সাংস্কৃতিকপ্ৰেমী ৰাইজক ইউটিউব চেনেলটি চাবক্ৰাইব , চেয়াৰ কৰি লাইক কমেণ্ট এলবামটি উপভোগ কৰিবৰ বাবে অনুৰোধ জনাইছে কণ্ঠশিল্পী এল.ডি হাসদাই

- Advertisement -

Hot this week

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °