আজি শাওণ মাহৰ প্ৰথম সোমবাৰঃ কৃষ্ণাই পাগলা বাবা আশ্ৰমত শিৱ ভক্তৰ সমাগম

♦আজি শাওণ মাহৰ প্ৰথম দিন, সোমবাৰ। প্ৰবাদ মতে শাওণ মাহটো হৈছে মহাদেৱ শিৱৰ জন্ম মাহ আৰু সোমবাৰটো হৈছে জন্মবাৰ৷ সেই অনুসৰি হিন্দু ধৰ্মাৱলম্বী শিৱ ভক্ত লোক সকলে শাওণ মাহত শিৱৰ আৰাধনা কৰে আৰু এই মাহটোৰ প্ৰতিটো সোমবাৰ শিৱ পূজাৰ বাবে পবিত্ৰ দিন বুলি গণ্য কৰি  ভগবান শিৱৰ উপাসক সকলে ব্ৰত পালন কৰে।

পৰম্পৰা ৰক্ষা কৰি আজি শাওণ মাহৰ প্ৰথম দিনা শিৱ মন্দিৰ সমূহ দৰ্শন কৰি পূজা অৰ্চনা কৰিছে ভক্ত সকলে। গোৱালপাৰা জিলাৰ কৃষ্ণাই জ্যোতিনগৰৰ পাগলা বাবা আশ্ৰমৰ শিৱ মন্দিৰতো দেখা গ’ল ভক্তৰ সমাগম। অৱশ্যে বিগত বছৰবোৰৰ দৰে এইবেলি আশ্ৰমৰ শিৱ মন্দিৰটোত ভক্তৰ ভিৰ নাই। ক’ভিড প্ৰ’টকল মানি আশ্ৰম পৰিচালনা সমিতিয়ে আজি অনুষ্টুপীয়াকৈ আয়োজন কৰিছে শিৱ পূজা ৷ ভক্ত সকল আহিছে আৰু শিৱ বাবাক প্ৰাৰ্থনা জনাই আঁতৰি গৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.