আগন্তুক দুৰ্গা পূজা উপলক্ষে আৰক্ষী-গাঁওৰক্ষী বাহিনীৰ বিশেষ তৎপৰতা

■ ঘগ্ৰাপাৰ থানা এলেকাৰ ১৭ খন দুৰ্গা পূজাত কৰ্তব্য পালনৰ বাবে সাজু-আৰক্ষী-গাঁও ৰক্ষী বাহিনী

■ সমাগত দুৰ্গা পূজা উপলক্ষে নলবাৰী জিলা প্ৰশাসনৰ লগতে ঘগ্ৰাপাৰ আৰক্ষী -গাঁও ৰক্ষী বাহিনীৰ তৎপৰতা বাবে আজি ঘগ্ৰাপাৰ আৰক্ষী থানাত গাঁওৰক্ষী বাহিনীৰ উদ‍্যোগত দুৰ্গা পূজা উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। ঘগ্ৰাপাৰ আৰক্ষী থানাৰ চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে গাঁও ৰক্ষী বাহিনীৰ কাৰ্যকৰ্তা আব্দুল গণিয়ে।

সভাত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে অংশগ্ৰহণ কৰি ভাষণত নিজ নিজ এলেকাৰ দুৰ্গা পূজাৰ সময়ত নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়।

উক্ত সভাত ঘগ্ৰাপাৰ থানা এলেকাৰ ১৪৫ খন গাঁও ৰক্ষী বাহিনীৰ সভাপতি-সম্পাদক সকলে অংশগ্ৰহণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.