আকৌ লকডাউনৰ পূৰ্ণ সম্ভাৱনা নেকি? দেশত ২৪ ঘণ্টাত ১৬,৩২৬জন নতুনকৈ কোভিড-১৯ত আক্রান্ত, ৬৬৬ জন লোকৰ মৃত্যু

নতুন দিল্লীঃ ভাৰতত যোৱা ২৪ ঘণ্টাত ১৬,৩২৬ টা নতুন কোভিড-১৯ত আক্ৰান্ত ঘটনা পোহৰলৈ অহাৰ লগতে ৬৬৬ জন লোকে প্ৰাণ হেৰুৱা তথ্য শনিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই তথ্যৰে দেশত সক্ৰিয় কোভিড আক্রান্ত লোকৰ সংখ্যা ১,৭৩,৭২৮ হৈছেগৈ, যি হৈছে বিগত ২৩৩ দিনত সৰ্বনিম্ন আক্ৰান্ত।

সমগ্ৰ দেশত সক্ৰিয় কোভিড-১৯ত আক্ৰান্ত হোৱা এতিয়ালৈকে প্ৰতিবেদনত মুঠ ঘটনাৰ ০.৫১ শতাংশ। এইয়া যোৱা ২০২০ বৰ্ষৰ মাৰ্চৰ পিছত সৰ্বনিম্ন ঘটনা।

ইফালে যোৱা ২৪ ঘণ্টাত ১৭,৬৭৭ জন ৰোগী সুস্থ হৈ উঠিছে। ইয়াকে লৈ দেশত আৰোগ্যতা হাৰ ৯৮.১৬ শতাংশ। এই হাৰ ২০২০ বর্ষৰ মাৰ্চ মাহৰ পিছত সৰ্বাধিক।

লগতে সাপ্তাহিক আৰোগ্যতা হাৰ ১.২৪ শতাংশ আৰু দৈনিক আৰোগ্যতা হাৰ ১.২০ শতাংশ।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, এতিয়ালৈকে এই মহামাৰী ভাইৰাছৰ উপস্থিতিৰ বাবে ৫৯.৮৪ কোটিৰো অধিক নমুনা পৰীক্ষা কৰা হৈছে।
ইফালে, দেশজুৰি কোভিড টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ১০১.৩০ কোটিৰো অধিক কোভিড-১৯ৰ ভেকছিন পালি প্ৰদান কৰা হৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.