31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা

    — গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৬ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে।...

    শেহতীয়া আপডেটঃ

    আই টি এ মাছখোৱাত ৰাইজৰ দলৰ বৃহৎ যোগদান সভাঃ বিভিন্ন দল সংগঠনৰ তিনি শতাধিক নেতা-কৰ্মীৰ যোগদান

    গুৱাহাটীঃ আজি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এৰ সভাকক্ষত ৰাইজৰ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈৰ উপস্থিতিত আম আদমী পাৰ্টি, বিজেপি, তৃণমূল কংগ্ৰেছ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কোচ ৰাজবংশী সন্মিলনী, সদৌ অসম অনুসূচীত জাতি সন্থা, আমছুকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰায় তিনি শতাধিক নেতা-কৰ্মীয়ে ৰাইজৰ দলৰ নীতি-আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি যোগদান কৰে। নৱাগত সকলক ৰাইজৰ দললৈ স্বাগতম জনাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অসমত আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তা সম্পৰ্কে বাখ্যা দাঙি ধৰে। তেখেতে ২০২৬ ত ৰাইজৰ দল চৰকাৰৰ অংশ হোৱাৰ দৃঢ়তা প্ৰকাশ কৰি কয় যে ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে পাঁচটা বিশেষ কামৰ নিশ্চিতি প্ৰদান কৰিব। সেইসমূহ হৈছে অসমৰ সকলো খেতিপথাৰত ১০০ শতাংশ জলসিঞ্চনৰ ব্যৱস্থা কৰি বছৰৰ সকলো সময়তে খেতি কৰিব পৰাৰ ব্যৱস্থা কৰা, খেতিয়কে উৎপাদন কৰা প্ৰতিটো বস্তুৰ নূন্যতম সমৰ্থন মূল্য প্ৰদান কৰা,অসমৰ স্থায়ী আৰু স্থানীয় মানুহে প্ৰতিযোগিতাৰ জৰিয়তে বজাৰ দখল কৰিবলৈ সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমৰ প্ৰত্যেকখন গাঁৱত ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অৰ্থনৈতিক বিকাশৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰা আৰু অসমক শ্ৰেষ্ঠ পৰ্যটন ৰাজ্য ৰূপে গঢ়ি তোলা।

    উক্ত অনুষ্ঠানত সভাপতি গগৈৰ লগতে দলৰ ৰাজনৈতিক উপদেষ্টা ডঃ ঘনশ্যাম নাথ, কাৰ্যকৰী সভাপতি ভাস্ক’ডি শইকীয়া, উপ-সভাপতি হৰেশ্বৰ বৰ্মন, অনিল বড়ো, সাধাৰণ সম্পাদক ৰাছেল হুছেইন, চিন্ময় বড়া, সম্পাদক গোপাল কাকতি, হেমন্ত কুমাৰ সুতকে ধৰি কেন্দ্ৰীয় সমিতি আৰু কামৰূপ জিলা সমিতিৰ নেতৃবৃন্দও উপস্থিত থাকে। উক্ত অনুষ্ঠানত আম আদমী পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চন্দনজ্যোতি ফুকন আৰু চৰাইদেউ জিলা সমিতিৰ সভাপতি মুনীন গগৈৰ নেতৃত্বত দুয়োখন জিলাৰ নেতৃবৰ্গ, আপৰ ৰাজ্যিক সমিতিৰ মেডিয়া পেনেলিষ্ট হিমাংশু গগৈ,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সভাপতি মানস কোঁৱৰ, কোচ ৰাজবংশী সন্মিলনীৰ কোষাধ্যক্ষ সুবোধ তালুকদাৰ,তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সম্পাদক ৰঞ্জিত কুমাৰ ৰয়, সদৌ অসম অনুসূচীত জাতি ইউনিয়নৰ ধেমাজি জিলাৰ সভাপতি ৰতন দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জিন্তু পাটগিৰি, আমছুৰ মৰিগাঁও জিলা সমিতিৰ সদ্য প্ৰাক্তন সভাপতি আছাদুল ইছলাম, অধিবক্তা খাইৰুল ইছলাম, বিজেপিৰ জালুকবাৰী সমষ্টিৰ বেজেৰা মণ্ডলৰ সাধাৰণ সম্পাদক অজিত শইকীয়াকে ধৰি বিভিন্ন দল সংগঠনৰ তিনি শতাধিক নেতা-কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.