অৰুণাচল প্ৰদেশৰ মেওত উদ্ধাৰ বৃহত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

অৰুণাচল প্ৰদেশত বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহত ভাৰতীয় সেনাৰ লগতে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে অব্যাহত ৰাখিছে উগ্ৰপন্থী বিৰোধী অভিযান। শুক্ৰবাৰে নিশা অৰুণাচল প্ৰদেশৰ ভাৰতীয় সেনাৰ মেও স্হিত শিবিৰৰ এটা তহলদাৰী দল আৰু মেও আৰক্ষীয়ে মেওৰ গভীৰ অৰণ্যত উগ্ৰপন্থী বিৰোধী অভিযান চলাই।

অভিযান কালত মেওৰ গভীৰ অঞ্চল ২২ মাইল নামৰ ঠাইৰ পৰা বৃহত পৰিমাণৰ অস্ত্র-শস্ত্র সহ বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে। জব্দকৃত অস্ত্র-শস্ত্র সমূহ হৈছে AK 56 ৰাইফলছ এটা, সক্ৰিয় গুলি 47 টা, বৃহৎ পৰিমাণৰ বিস্ফোৰক সমগ্রীৰ উপৰিও বহুতো আপত্তিজনক সমগ্রী উদ্ধাৰ কৰে।

জব্দকৃত অস্ত্ৰ শস্ত্ৰ সমূহ নগা বিদ্ৰোহী সংগঠন NSCN(KYA) বুলি জানিব পৰা গৈছে।।ইতিমধ্যে ভাৰতীয় সেনাই জব্দকৃত অস্ত্র-শস্ত্র সমূহ অৰুণাচল প্ৰদেশ আৰক্ষীক গতাই দিয়াৰ উপৰিও মেউৰ উক্ত অঞ্চলসমূহত বৰ্তমানেও উগ্ৰপন্থী বিৰোধী অভিযান অতি তীব্রতৰ কৰি তুলিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.