31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    অসম সাহিত্য সভাৰ যুৱ সংসদৰ অনলাইন কৰ্মশালাৰ পদক্ষেপ

    কৰ্মশালাৰ ৰেকৰ্ডিংসমূহ ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম আদি প্লেটফৰ্মত আপলোড কৰিলে যিকোনো সময়ত, যিকোনো ঠাইৰ পৰা যুৱসমাজে ইয়াক আহৰণ কৰিব পাৰিব।

    মাননীয় সম্পাদক মহোদয়,
    অসম সাহিত্য সভা কেন্দ্ৰীয় যুৱ সংসদ উপ-সমিতিয়ে আয়োজন কৰা ২৫ জুলাইৰ পৰা ৩০ জুলাইলৈ অনুষ্ঠিত ছয়দিনীয়া অনলাইন ‘প্ৰবন্ধ লিখন শৈলী’ কৰ্মশালাখন নিঃসন্দেহে এক সফল, দিশনির্দেশনামূলক আৰু সময়োপযোগী পদক্ষেপ হিচাপে বিবেচনা কৰিব পাৰি।
    ৩০ জুলাইৰ সন্ধিয়া ৭ বজাৰ পৰা ৯.৩০ বজালৈ অনুষ্ঠিত সামৰণি অনুষ্ঠানটোৱে ছয় দিনীয়া কৰ্মশালাৰ সফল সমাপ্তি চিহ্নিত কৰে। অনুষ্ঠানটোৰ আৰম্ভণিতে শিল্পী জ্যোতি দিহিঙ্গীয়াই “অসম সাহিত্য সভা”ৰ শীৰ্ষ গীত “চিৰ চেনেহী মোৰ ভাষা জননী” পৰিৱেশন কৰে। অসম সাহিত্য সভা কেন্দ্ৰীয় যুৱ সংসদ উপ-সমিতিৰ সহ-আহ্বায়ক অচ্যুত গগৈ আৰু উপ-সভাপতি অনিতা গগৈয়ে আঁত ধৰা সামৰণি অনুষ্ঠানৰ সভাখনত সভাপতিত্ব কৰে যুৱ সংসদ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি জীৱমণি নাথে । অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি বহুমূল্য আৰু উৎসাহজনক ভাষণ আগবঢ়ায়। এই সভাত বগেন গগৈ, ড° জ্যোতিৰেখা হাজৰিকা, ড° নিভা ৰাণী ফুকন, ড° কস্তুৰী নাথ, হৃদয়ানন্দ গগৈ , আকাশদ্বীপ্ত ঠাকুৰ আদিয়ে সমল ব্যক্তি হিচাপে গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়। এই ধৰণৰ গঠনমূলক কৰ্মশালাই যুৱ প্ৰজন্মক প্ৰবন্ধ লিখনৰ কলা-কৌশল আয়ত্ত কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিছে। ইয়াৰ ফলত সাহিত্য চৰ্চাৰ ক্ষেত্ৰত গুণগত পৰিৱৰ্তনৰ সূচনা হ’ব বুলি আশা কৰিব পাৰি। এনে সুচিন্তিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসম সাহিত্য সভা কেন্দ্ৰীয় যুৱ সংসদ উপ-সমিতিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে এনে প্ৰয়োজনীয় অনলাইন কৰ্মশালাসমূহৰ ধাৰাবাহিকতা বজাই ৰখাৰ বাবে সভাৰ যুৱ সংসদক বিশেষভাৱে অনুৰোধ জনালোঁ। সাহিত্য চৰ্চাৰ বিভিন্ন শাখা, যেনে- কবিতা, গল্প, নাটক, সমালোচনা আদিৰ ক্ষেত্ৰতো এনে কাৰ্যসূচী আয়োজন কৰিলে যুৱ সমাজে অধিক উপকৃত হ’ব।
    কৰ্মশালাৰ ৰেকৰ্ডিংসমূহ ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম আদি প্লেটফৰ্মত আপলোড কৰিলে যিকোনো সময়ত, যিকোনো ঠাইৰ পৰা যুৱসমাজে ইয়াক আহৰণ কৰিব পাৰিব। বিশেষকৈ বিভিন্ন কাৰণত অনলাইন কৰ্মশালাত অংশগ্ৰহণ কৰিব নোৱৰাসকলে ৰেকৰ্ডিং চাই জ্ঞান আহৰণ কৰিব পাৰিব। এই গুৰুত্বপূর্ণ দিশটোত অসম সাহিত্য সভা কেন্দ্ৰীয় যুৱ সংসদ উপ-সমিতিয়ে মনোযোগ দিব বুলি আশা প্ৰকাশ কৰিছো।

    ড° বুলজিৎ বুঢ়াগোহাঁই
    কেৰিয়াৰ পৰামৰ্শদাতা তথা
    মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
    অসম ডন বস্ক’ বিশ্ববিদ্যালয়
    ফোন: ৯৪৩৫১৮৮৬৩০
    ই-মেইল: buljit@gmail.com
    www.buljit.com

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.