31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    অসম চাইক্লিং সন্থাৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা

    সোণাপুৰ টেপেচিয়াস্থিত এল.এন.আই.পি.ই ৰ অমিয় কুমাৰ প্ৰেক্ষাগৃহত তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ ২০২৪ত চাইক্লিংত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা চাৰি গৰাকীকৈ খেলুৱৈক আজি সম্বৰ্ধনা জনায় অসম চাইক্লিং সন্থাই।

    অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক প্ৰদীপ তিমুং, ছাইৰ সহকাৰী সঞ্চালক সম্ভু যাদৱ, ছাইৰ মুখ্য প্ৰশিক্ষক নৰেন্দ্ৰ সিং, সহকাৰী প্ৰশিক্ষক মাইয়ং পেটেল অসম চাইক্লিং সন্থাৰ সাধাৰণ সম্পাদক ড° তপন দাসকে প্ৰমুখ্যে কৰি কেইবাজনো ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিৰ উপস্থিতিত ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং প্ৰতিযোগিতাত পদক অৰ্জন কৰা খেলুৱৈ দেৱী চাবুকধৰা, টিংকল গগৈ, বিস্মিতা শৰ্মা, ৰূপজ্যোতি কটকীক সম্বৰ্ধনা জনোৱা হয়।

    অসম চাইক্লিং সন্থাৰ যুটীয়া সম্পাদক দিব্যজ্যোতি ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানটোত উৰিষ্যাত হবলগীয়া ৰোড চাইক্লিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ সকলক অভিনন্দন জনোৱা হয়। চমু অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে খেলুৱৈ সকলক উৎসাহ প্ৰদান কৰে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.