অসমৰ সামাজিক সমন্বয় সাধনত শংকৰদেৱৰ ভাৱাদৰ্শৰ ওপৰত ৰঙাপৰা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

◊ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত অসমৰ সামাজিক সমন্বয় সাধনত শংকৰদেৱৰ ভাৱাদৰ্শৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ’ব।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ, অসমৰ সহযোগত তথা আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ বড়ো বিভাগৰ উদ্যোগত অনুষ্ঠিত আলোচনা চক্ৰটি আগন্তুক ৩ এপ্ৰিল তাৰিখত অনুষ্ঠিত কৰা হ’ব।

অনুষ্ঠানটোৰ আৰম্ভণি ছাত্ৰ ছাত্ৰী দ্বাৰা পূৱা ৯ বজাত শংকৰী সংস্কৃতিৰ প্ৰদৰ্শনীৰে হ’ব। নামধৰ্ম সমাজ ,অসমৰ সভাপতি দীনেশ মহন্তই প্ৰতীকী গুৰু আসন প্ৰতিষ্ঠা কৰিব।ৰঙাপৰা মহাবিদ্যালয়ৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত বড়োয়ে সুত্ৰধাৰ ৰূপে থকা অনুষ্ঠানত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জন কলিতা আৰু নামধৰ্ম সমাজ, অসমৰ ৰাজ্যিক সম্পাদক শ্ৰীমন্ত ভূঞাই আদৰণি ভাষণ প্ৰদান কৰিব।

ৰঙাপৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডঃ চাৰু চহৰীয়া নাথে উদ্বোধনী ভাষন প্ৰদান কৰিব। বিশ্বনাথ বানিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভূপেন দাধৰাই বীজ ভাষণ আৰু জামুগুৰি হাটৰ বাৰেচহৰীয়া ভাওনা সমাজৰ সভাপতি ভৱ গোস্বামীয়ে অতিথি ভাষন প্ৰদান কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। লগতে আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক অতুল শৰ্মাই কৃতজ্ঞতা জ্ঞাপন কৰিব। লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শুকদেব অধিকাৰী, ৰঙাপৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ ৰণেন্দ্ৰ মোহন ডেকা, ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডঃ দীনেশ কুমাৰ বাৰ্মা,লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক ডঃ কান্তাৰ ভূষণ নন্দী আৰু ডঃ তোলন মুছাহাৰী, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপক ৰাজেশ্বৰ বড়োয়ে আলোচনা চক্ৰৰ সত্ৰ সমুহ পৰিচালনা কৰিব বুলি জানিব পৰা গৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.